অসমৰ বুৰঞ্জীক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে ।দানৱ বংশৰ প্ৰতিষ্ঠাতা আছিল মহিৰংগ দানৱ । তেওঁকেই অসমৰ প্ৰথমজন ৰজা হিচাপেও জনা যায় । মহিৰংগ দানৱৰ বিষয়ে কালিকা পুৰাণ পুথিত বিশেষভাবে উল্লেখ পোৱা যায় । দানৱ বংশৰ ৰাজত্বৰ সময়ত কামৰূপক মুঠ চাৰিটা ভাগত ভাগ কৰা হৈছিল
Pre History Era ১. দানৱ বংশ
২. ভৌম বংশ
Ancient Era ১. বৰ্মন বংশ
২. মেচ্ছা / শালস্তম্ভ বংশ
৩. পাল বংশ
Medieval Era ১. আহোম বংশ
২. কোচ বংশ
দানৱ বংশ
দানৱ বংশৰ প্ৰতিষ্ঠাতা আছিল মহিৰংগ দানৱ । তেওঁকেই অসমৰ প্ৰথমজন ৰজা হিচাপেও জনা যায় । মহিৰংগ দানৱৰ বিষয়ে কালিকা পুৰাণ পুথিত বিশেষভাবে উল্লেখ পোৱা যায় । দানৱ বংশৰ ৰাজত্বৰ সময়ত কামৰূপক মুঠ চাৰিটা ভাগত ভাগ কৰা হৈছিল
১. ৰত্নপীঠ ২. কামপীঠ ৩. স্বৰ্ণপীঠ ৪. সৌমাৰপীঠ
দানৱ বংশৰ ক্ৰমাগত ভাৱে শাসন কৰা ৰজা ৫ জন হ'ল - মহিৰংগ , হাটকাসুৰ, চমৰাসুৰ, ৰত্নসুৰ আৰু ঘটকাসুৰ । প্ৰেমৰ দেৱতা কামদেৱৰ পত্নীৰ নাম আছিল ৰতীদেৱী । কুণ্ডিলীৰ অন্য এক নাম আছিল বিদৰ্ভ । দানৱ বংশৰ অন্তিম ৰজা আছিল ঘটকাসুৰ।
ভৌম বংশ
- নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ।
- ভৌম বংশ বংশৰ বিষয়ে উল্লেখ আছে কালিকা পুৰাণআৰু যুগিনী তন্ত্ৰত ।
- নৰকাসুৰৰ মাতৃ নাম আছিল ধৰিত্ৰী ।
- কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নৰকাসুৰে ।
- কামাখ্যা মন্দিৰৰ বিষয়ে কালিকা পুৰাণত উল্লেখ পোৱা যায় ।
- নৰকাসুৰে প্ৰাকজ্যেতিষপুৰত প্ৰথমে হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল।
- শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল ।
- শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাক হত্যা কৰিছিল সেয়েহে শ্ৰীকৃষ্ণক মুৰাৰী বুলিও জনা যায় ।
- হৰি হৰ যুদ্ধ হৈছিল বানৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত , এই যুদ্ধত শ্ৰীকৃষ্ণই বানৰজাক পৰাস্ত কৰিছিল।
- মহাভাৰতৰ যুদ্ধৰ সময়ত প্ৰাকজ্যাতিষপুৰৰ ৰজা আছিল ভগদত্ত ।
- ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰটিকা ।
- মহাভাৰতৰ দ্ৰন পুৰ্ব ভাগত ভগদত্তৰ বিষয়ে উল্লেখ আছে ।
- ভগদত্তৰ জীয়েক আছিল ভানুমতী, ভানুমতী দুৰ্যোধনৰ সৈতে বিবাহ হৈছিল ।
- ভগদত্তই জীয়েক ভানুমতীক বিয়া দিওঁতে দীঘলী পুখুৰী খন্দাইছিল ।
- অৰ্জুনে ভগদত্তক হত্যা কৰিছিল ।
- ভৌম বংশৰ ক্ৰমাগত ভাৱে শাসন কৰা ৰজা কেইজন হ'ল : নৰকাসুৰ - ( বিষ্ণু - ধৰিত্ৰীৰ পুত্ৰ), ভগদত্ত - ( নৰকাসুৰৰ পুত্ৰ ), পুষ্প দত্ত - ( ভগদত্তৰ পুত্ৰ ), বজ্ৰ দত্ত - ( ভগদত্তৰ পুত্ৰ )
- ভৌমবংশৰ অন্তিম ৰজা আছিল - বজ্ৰ দত্ত
- বিদৰ্ভৰ ৰজা আছিল - ভীষ্ম ।
- ভীষ্মৰ জীয়ৰীৰ নাম আছিল - ৰুক্মিণী, ৰুক্মিণী শ্ৰীকৃষ্ণৰ লগত বিবাহ হৈছিল ।
অসুৰ বংশ
অসুৰৰ ৰাজ্য শোনিতপুৰ প্ৰতিষ্ঠা কৰিছিল - মৰিচী । অসুৰ বংশ ক্ৰমাগত ভাৱে শাসন কৰা ৰজা কেইজন হ'ল -
১. মৰিচী ২. কাশ্যপ ৩. শিৰণ্য কাশ্যপ ৪. প্ৰহ্লাদ ৫. বিৰোচানা ৬. মেহেবদী ৭. বানাসুৰ
বানৰজা বানাসুৰৰ পিতৃৰ নাম আছিল - বলি । বানৰজা ১০০০ বাহু আছিল। বানৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা । ঊষাৰ বান্ধৱী আছিল চিত্ৰলেখা । বানৰজাৰ জীয়ৰী ঊষা আৰু শ্ৰীকৃষ্ণৰ নাৰী অনিৰুদ্ধৰ মাজত প্ৰেম হৈছিল আৰু এই প্ৰেমৰ ফলশ্ৰুতিত হৰি হৰ যুদ্ধ হৈছিল । ঊষা অনিৰুদ্ধৰ লগত বিবাহ হৈছিল, এই বিবাহক গন্ধৰ্ব বিবাহ বুলি কোৱা হয় । মহাভৈৰৱ আৰু ৰুদ্ৰপথ মন্দিৰ নিৰ্মাণ কৰিছিল - বান ৰজাই । বানৰজাক সমসাময়িক ৰজা আছিল - নৰকাসুৰ । নাগশংকৰ মন্দিৰ নিৰ্মাণ কৰিছিল - নৰশংকৰে পৌৰাণিক যুগৰ মূল মন্ত্ৰ আছিল - পাৰচু । চান্দ সাগৰৰ বিষয়ে উল্লেখ আছে - বেউলা গ্ৰন্থত । তিনিচুকীয়াৰ পুৰনি নাম আছিল - বেংমৰা ।অসমৰ পুৰনি ইতিহাসৰ বিৱৰণ পোৱা যায় - কালিকা পুৰাণত

